ETV Bharat / snippets

মাণিকপুৰত পথ দুৰ্ঘটনাত আহত তিনি

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:30 PM IST

Road accident in Bongaigaon
পাতিলাদহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা (ETV Bharat Assam)

মাণিকপুৰ, ২১ জুলাই: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক দুৰ্ঘটনা । AS15 N-5691 নম্বৰৰ মটৰ চাইকেল আৰু এখন চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

এই ঘটনাৰ পিচতেই আহত তিনিজনক মাণিকপুৰ মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । ৰবীন বৰ্মন নামৰ লোকজনে পৰিয়ালসহ বৰপেটাৰোডৰ পৰা বিলাসীপাৰালৈ গৈ থকা অৱস্থাতেই দুৰ্ঘটনাটো সংঘটিত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.