ETV Bharat / snippets

ৰহা আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰি ভৰ্তি বাহন, আটক দুই সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 1:07 PM IST

Police seize Burmese supari-laden vehicle, two smugglers arrested in Raha
ৰহাত বাৰ্মিজ চুপাৰী জব্দ (ETV Bharat Assam)

ৰহা, ২২জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰহা আৰক্ষীয়েও চলালে বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান । অভিযানত আৰক্ষীয়ে জব্দ কৰে এখন বাৰ্মিজ চুপাৰি ভৰ্তি টাটা যোদ্ধা বাহন । এক গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে শনিবাৰে জব্দ কৰে বাৰ্মিজ চুপাৰি ভৰ্তি বাহনখন । লগতে আটক কৰে দুটা সৰবৰাহকাৰীক ।

আৰক্ষীৰ চকুত ধূলি দি AS-02-DC-5664 নম্বৰৰ বাহনখনে ৰহা বাৰপূজীয়া পথেৰে হোজাইলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ নাকা চেকিঙত জব্দ কৰা হয় বাহনখন । বাহনখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১৫২০ কিঃগ্ৰাঃ বাৰ্মিজ চুপাৰি । আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে আফতাৰ হুচেইন আৰু আশ্ৰাফ আলী । ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.