ETV Bharat / snippets

কাছাৰত ৫ কোটি টকাৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 9:46 PM IST

Drugs peddler arrested in cachar
চালচাপৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ (ETV BHARAT ASSAM)

শিলচৰ, ২২ জুন: কাছাৰৰ চালচাপৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ । ড্ৰাগছ বিৰোধী অভিযানত কাছাৰ আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমানৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰীক ।

গোপন সূত্ৰৰ ভিত্তিত শুক্ৰবাৰে নিশা জিলাখনৰ চালচাপৰাত এখন যাত্ৰীবাহী অটোত তলাচী চলাই ৪৭ টা চাবোনৰ বাকচত ৯৭৪ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিৰুক উদ্দিন নামৰ এটা সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰীটোৰ ঘৰ কাছাৰৰ ধলাই হাওয়াইথাঙত। জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য ৫ কোটি টকা হ'ব বুলি কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই উল্লেখ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.