ETV Bharat / snippets

বাক্সাৰ যুৱকৰ গুজৰাটত ৰহস্যজনক মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 6:58 PM IST

BAKSA YOUTH FOUND DEAD IN GUJRAT
বাক্সাৰ যুৱকৰ গুজৰাটত ৰহস্যজনক মৃত্যু (ETV Bharat Assam)

বৰপেটাৰোড, 17 জুলাই: পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ শ্ৰমিকৰ ৷ বাক্সা জিলাৰ 2 নং বেন্নীবাৰীৰ প্ৰাণজিৎ দাস নামৰ 20 বছৰীয়া এজন শ্ৰমিকৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে গুজৰাটত ৷ এটা বে-চৰকাৰী মাছৰ কোম্পানীত শ্ৰমিক হিচাপে প্ৰায় দুমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল যুৱকজনে ৷ কিন্তু মঙলবাৰে সন্ধিয়া গুজৰাটৰ পৰা ফোনযোগে প্ৰাণজিতৰ মৃত্যু ঘটা বুলি কোনো লোকে পৰিয়ালৰ লোকক অৱগত কৰে ৷

প্ৰাণজিতৰ এই মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই পৰিয়ালৰ লোকে ৷ স্বাভাৱিক মৃত্যুৰ পৰিৱৰ্তে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলিহে দাবী কৰে শ্ৰমিকজনৰ পৰিয়ালে ৷ লগতে প্ৰাণজিতৰ মৃত্যুৰ ন্যায় বিচাৰি সমগ্ৰ বিষয়টোত চৰকাৰৰ হস্তক্ষেপ দাবী কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.