ETV Bharat / snippets

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : পত্নীৰ হাতত নিধন পতি

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 1:56 PM IST

Murder for Extra marital affairs
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি (ETV Bharat Assam)

শিলচৰ, ২৭ জুলাই : পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি কাছাৰৰ কালাইন বুৰুংগাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । চোকা অস্ত্ৰৰে পত্নীয়ে হত্যা কৰিলে পতিক । নিহত লোকজনৰ নামৰ সজল সিনহা । কৰিমগঞ্জৰ সজল ঘৰজোঁৱাই হিচাপে দীৰ্ঘদিনৰ পৰা শহুৰেকৰ ঘৰতে বাস কৰিছিল ।

পত্নীৰ পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি দীৰ্ঘদিনৰ পৰা পত্নীৰ সৈতে সজল সিনহাৰ পাৰিবাৰিক কন্দল চলি আহিছিল । শুকুৰবাৰে বিয়লি পত্নীয়ে চোকা অস্ত্ৰৰে হঠাৎ উপৰ্যুপৰি আক্ৰমণ কৰাত মাটিত অচেতন হৈ ঢলি পৰে স্বামী সজল সিনহা । আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । ইতিমধ্যে হত্যাকাৰী পত্নীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.