শিলচৰ, 19 জুলাই : শিলচৰ বেৰেংগাত পানীত পৰি ককবকাই থকা 10 বছৰীয়া ভনীয়েকক বচাবলৈ গৈ মৃত্যু হ’ল ১২ বছৰীয়া বায়েকৰ ৷ তথ্য মতে, বৃহস্পতিবাৰে বিয়লি ইছলাম উদ্দিনৰ দুই কন্যাই ঘৰৰ কাষতে থকা এটা পুখুৰীৰ পাৰত গা ধুই আছিল ৷ তেনেতে হঠাৎ ইছলামৰ সৰু জীয়েক পিচলি পানীত পৰি যায় ৷ চকুৰ সন্মুখতে সৰু ভনীয়েকে পৰি যোৱা দেখি বিশেষ একো ভাবি-চিন্তি নাথাকি পুখুৰীত জাপ দিয়ে ইছলামৰ ডাঙৰ জীয়েকে ৷
পৰৱৰ্তী সময়ত স্থানীয় এজন লোকে পানীৰ পৰা দুই বায়েক-ভনীয়েকক উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজলৈ লৈ যায় ৷ কিন্তু মেডিকেল কলেজলৈ নিয়াৰ কিছু সময় পাচত ইছলাম উদ্দিনৰ ডাঙৰ জীয়েকৰ মৃত্যু হয় ।