ETV Bharat / snippets

আনন্দই কাল হ’ল জুমনৰ বাবে : পানীত পৰি মৃত্যু ছাত্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:08 PM IST

Minor died by drowning in pond in barpeta road
আনন্দই কাল হ’ল জুমনৰ বাবে : পানীত পৰি মৃত্যু ছাত্ৰৰ (ETV Bharat)

বৰপেটাৰোড, 19 জুলাই : বৰপেটাৰোডৰ গুৱাগাছাত এটা খালত পৰি সলিল সমাধি ঘটে এজন 16 বছৰীয়া ছাত্ৰৰ । ছাত্ৰজনৰ নাম জুমন ৰায় ৷ জানিব পৰা মতে, গৰমৰ বন্ধৰ বাবে মাণিকপুৰৰ টাকাবাৰীৰ পৰা বৰপেটাৰোডৰ গুৱাগাছাত থকা পেহীয়েকৰ ঘৰলৈ শুকুৰবাৰে ফুৰিবলৈ আহিছিল পদ্মলোচন ৰায়ৰ পুত্ৰ জুমন ৷

পেহীয়েকৰ ঘৰ পাই আনন্দত আত্মহাৰা হৈ থকা জুমনে গাঁৱৰে এটা প্ৰকাণ্ড খালত চাৰিজন সমনীয়াৰ সৈতে গা ধুবলৈ নামে ৷ কিন্তু হঠাৎ ভৰি পিচলি খালটোত সোমাই পৰে জুমন । সমনীয়াই উদ্ধাৰৰ বাবে চেষ্টা চলাইছিল যদিও বিফল হয় । পৰৱৰ্তী সময়ত SDRF এ উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.