ETV Bharat / snippets

মৰিয়নীৰ চেলেংহাটত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 5:32 PM IST

leopard caged in Jorhat
মৰিয়নীৰ চেলেংহাটত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী (ETV Bharat)

যোৰহাট, 26 আগষ্ট : বন্যহস্তীৰ সমান্তৰালকৈ মৰিয়নীত বৃদ্ধি পাইছে নাহৰফুটুকীৰ আতংক । ইতিমধ্যে নাহৰফুটুকীৰ আক্ৰমণত মৰিয়নীৰ কেবাজনো লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব জানিব পৰা গৈছে ৷ ইয়াৰ মাজতে দেওবাৰে নিশা মৰিয়নী চেলেংহাটৰ চিৰাখুণ্ডা গাঁৱত বনবিভাগে পতা পিঞ্জৰাত আৱদ্ধ হয় এটা নাহৰফুটুকী ৷

নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হোৱা বুলি জানিব পাৰি গাঁৱৰ একাংশ লোকে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ আনকি পিঞ্জৰাৱদ্ধ নাহৰফুটুকীটোৱে জয়ন্ত দত্ত নামৰ এজন লোকক আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত নাহৰফুটুকীৰ আক্ৰমণত আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইফালে বিগত বহু দিন ধৰি সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হোৱাত স্বস্তি নিশ্বাস এৰিছে অঞ্চলবাসীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.