ETV Bharat / snippets

কোনে পুখুৰীত দলিয়ালে আজিজৰ 40 দিনীয়া দেৱ শিশুটিক ?

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 1:11 PM IST

Infant body recovered from pond in Bask
কোনে পুখুৰীত দলিয়ালে আজিজৰ 40 দিনীয়া দেৱ শিশুটিক ? (ETV Bharat)

বৰপেটাৰোড, 22 জুন : বৰপেটাৰোড সমীপৰ শিমলাগুৰীৰ ধূপগুৰীত সংঘটিত হয় এক কৰুণ ঘটনা । এটা পুখুৰীত উদ্ধাৰ হৈছে 40 দিনীয়া এটি দেৱশিশুৰ মৃতদেহ । কন্যা শিশুটি শিমলাগুৰী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰী গাঁৱৰ আব্দুল আজিজৰ বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, শুকুৰবাৰে নিশা মাকৰ সৈতে শুই আছিল শিশুটি । মাজনিশা কোনোবা অজ্ঞাত লোকে দেৱশিশুটিক বিচনাৰ পৰা নি পুখুৰীত দলিয়াই দিয়ে বুলি অভিযোগ তৰিছে পৰিয়ালৰ লোকে ৷ পিছদিনা পুৱাহে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ৷ পৰৱৰ্তী সময়ত বাক্সাৰ শিমলাগুৰী আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.