ETV Bharat / snippets

১৫ হাজাৰ টকাত সীমান্ত পাৰ হোৱা বাংলাদেশীক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 6:09 PM IST

Illegal Bangladeshi arrested
তালকৰগ্ৰাণ্টত অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ (ETV Bharat Assam)

শিলচৰ, ২ছেপ্টেম্বৰ: কাছাৰৰ কাটিগৰাৰ তালকৰগ্ৰাণ্ট অঞ্চলত সোমবাৰে এজন অবৈধ বাংলাদেশী যুৱকক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে । মুস্তাফা কামাল নামৰ এই যুৱকজন যোৱা দেওবাৰে নিশা অবৈধভাৱে ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল । ধৃত যুৱকজন বাংলাদেশৰ কক্স বজাৰৰ বাসিন্দা ।

১৫ হাজাৰ টকাৰ বিনিময়ত বাংলাদেশ আৰু ভাৰতৰ দলালৰ সহযোগত সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল যুবকজনে । সোমবাৰে কাটিগৰাৰ তালকৰগ্ৰাণ্টৰ ৰাইজে যুবকজনক দেখাৰ পিছত সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে যুবকজনক গ্ৰেপ্তাৰ কৰে । যুৱকজনৰ পৰা বাংলাদেশৰ ৰোহিংগীয়া শিবিৰৰ এখন পৰিচয় পত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.