ETV Bharat / snippets

বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 6:49 AM IST

husband wife arrested for drug trafficking in Golakganj of Dhubri
বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী (ETV Bharat Assam)

ধুবুৰী, 26 জুন: ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান । গোপন সূত্ৰৰ ভিত্তিত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলায় আৰু জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ জব্দ কৰে AS 05 L 9939 পঞ্জীয়নকৃত এখন বাইক ।

অভিযানকালত আৰক্ষীৰ জালত পৰে এটা দম্পতী ৷ ড্ৰাগছ সৰবৰাহৰ অভিযোগত দম্পতীটোক আটক কৰে আৰক্ষীয়ে । ধৃত দম্পতীৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে 7 হাজাৰ পাইভন স্পাচ প্লাচ নামৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । ধৃত স্বামীৰ নাম শ্বাহজামাল শ্বেখ বুলি আৰক্ষীয়ে জনায় । কোচবিহাৰৰ কলাবাগানৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা সময়তে দম্পতীটো আৰক্ষীৰ জালত পৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.