ETV Bharat / snippets

মৰিগাঁৱত জব্দ ধান ভৰ্তি ট্ৰাক

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:20 AM IST

huge quantity of paddy seized in morigaon
মৰিগাঁৱত জব্দ ধান ভৰ্তি ট্ৰাক (ETV Bharat Assam)

মৰিগাঁও, 22 জুন : শুকুৰবাৰে মৰিগাঁৱৰ খাটৰবড়িত জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তদাৰকী দলে অভিযান চলাই অবৈধভাৱে ধান সৰবৰাহ কৰা এখন ধান ভৰ্তি ট্ৰাক জব্দ কৰে । ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হৈছে NL 01 AB 4369 । ট্ৰাকখনত বুজন পৰিমাণৰ বৰো ধান কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে ।

মৰিগাঁও জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তদাৰকী পৰিদৰ্শক ৰূপম ভূঞাৰ নেতৃত্বত চলিছিল এই অভিযান । উত্থাপিত অভিযোগ অনুসৰি অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি উক্ত ধান ব্যৱসায়ী চক্ৰটোৱে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ পৰা কম দামত ধান ক্ৰয় কৰি আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.