ETV Bharat / snippets

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাটমণ্ডল

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 3:34 PM IST

KALAIGAON REVENUE CIRCLE
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাটমণ্ডল (ETV Bharat Assam)

ওদালগুৰি, 6 আগষ্ট : পুনৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়া ৷ ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল ৰহিৰাম মণ্ডলক আটক কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷

কাৰ্যালয়টোৰ গাড়ীচালক ধ্ৰুৱ নাথৰ জৰিয়তে মাটিৰ নামজাৰিৰ নামত ৰহিৰাম মণ্ডলে লৈছিল দহ হাজাৰ টকা ৷ উৎকোচৰ লগত জড়িত থকা গাড়ীচালকগৰাকীকো ইতিমধ্যে আটক কৰা হৈছে ৷ সম্প্ৰতি সোধ-পোছ অব্যাহত ৰখা হৈছে দুয়োকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.