ETV Bharat / snippets

হোজাইত অগ্নিকাণ্ডত এ টি এম সহ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 12:03 PM IST

Fire Breaks Out in Hojai
হোজাইত অগ্নিকাণ্ড (ETV BHARAT ASSAM)

হোজাই, ১৯ জুন: বৰষুণৰ মাজতেই বুধবাৰে হোজাইৰ টেটুলটলাত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বুধবাৰে পুৱা দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়তে কাষতে থকা এটা এ টি এমলৈয়ো জুই বিয়পি যায় ৷

কিছুসময় পিচত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । এই অগ্নিকাণ্ডত ১০ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱাৰ অনুমান কৰা হৈছে । আনহাতে, এ টি এমটোত মজুত থকা ধনৰ পৰিমাণ সন্দৰ্ভত কোনো তথ্য় জানিব পৰা হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.