ETV Bharat / snippets

বজালীত দুৰ্বৃত্তৰ আক্ৰমণত নিহতৰ গৃহত কংগ্ৰেছৰ সঁজাতি দল

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:56 PM IST

Congress leader in Bajali
দুৰ্বৃত্তৰ আক্ৰমণত নিহত ইব্ৰাহীম আলীৰ ঘৰত কংগ্ৰেছ নেতা (ETV Bharat Assam)

গুৱাহাটী, ৯ আগষ্ট : বজালীৰ ধুমাৰকুৰত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ইব্ৰাহীম আলীৰ ঘৰত খবৰ ল'বলৈ শুক্ৰবাৰে উপস্থিত হয় কংগ্ৰেছৰ এটি সঁজাতি দল । কংগ্ৰেছৰ তত্বাৱধায়ক তথা ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথে, বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু সম্পাদক নৱ কুমাৰ তালুকদাৰে পৰিয়ালটোৰ খবৰ লয় l উল্লেখ্য় যে বিহাৰৰ পৰা প্ৰফেচনেল কিলাৰ আহি কেনেদৰে অসমত এই হত্যা কৰিব পাৰে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ।

যোৱা ১ জুলাইত বজালীৰ ধুমাৰকুৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড । ধুমাৰকুৰৰ যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীক তেওঁৰ বাসগৃহত প্ৰৱেশ কৰি ৬ জনীয়া দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ উপৰিও গুলীয়াই হত্যা কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.