ETV Bharat / snippets

ঘৰৰ সমীপৰ পুখুৰীত পৰি কৰুণ মৃত্যু 9 বছৰীয়া কিশোৰৰ

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 9:13 AM IST

child death by drowning
ঘৰৰ সমীপৰ পুখুৰীত পৰি কৰুণ মৃত্যু 9 বছৰীয়া কিশোৰৰ (ETV Bharat Assam)

ৰঙিয়া, 29 জুন: ৰঙিয়াত শোকাৱহ ঘটনা ৷ পুখুৰীত পৰি মৃত্যু ঘটিল এটি 9 বছৰীয়া কিশোৰৰ । ৰঙিয়াৰ উত্তৰ হাহাৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ।

জানিব পৰা মতে, ঘৰৰ কাষৰে এটা পুখুৰীত পৰি মৃত্যু ঘটে 9 বছৰীয়া কিশোৰ বহ্নিল নাথৰ । ঘৰৰ সমীপতে থকা পুখুৰীটোত সমনীয়া বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল কিশোৰজন । পৰৱৰ্তী সময়ত পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় কিশোৰজনৰ মৃতদেহ ।

ততাতৈয়াকৈ কিশোৰজনক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । এই মৰ্মান্তিক ঘটনাই সমগ্র অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.