ETV Bharat / snippets

পথাৰত হাল বাই থাকোতেই উদ্ধাৰ হ’ল অত্যাধুনিক মাৰণাস্ত্ৰ

ARMS AMMUNITION RECOVERED
হাল বাই থাকোতেই উদ্ধাৰ হ’ল অত্যাধুনিক মাৰণাস্ত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 4:54 PM IST

চিৰাং, 31 জুলাই : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা এলেকাত অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি ৰুণীখাতা থানাৰ অন্তৰ্গত দুই নং শালবাৰী গাঁৱৰ এজন খেতিয়কে পথাৰত হাল বাই থকাৰ সময়তে মাটিৰ তলত প্লাষ্টিকেৰে মেৰিয়াই ৰখা এটা একে -56 ৰাইফল আৰু তিনিটা মেগজিন প্ৰত্যক্ষ কৰে ৷

খেতি পথাৰত হালবাই থকা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পিচত এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ লগে লগে স্থানীয় লোকে ৰুণীখাতা থানাৰ আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰি আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অস্ত্ৰখিনি উদ্ধাৰ কৰি থানালৈ লৈ আহে ৷ ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.