ETV Bharat / snippets

জালৰ ভিতৰত শিলত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 6:24 PM IST

body of unidentified person found in Kalain of Cachar
শিলেৰে হাত-ভৰি বান্ধি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ (ETV Bharat Assam)

শিলচৰ, 23 জুলাই: কাছাৰ জিলাৰ কালাইনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন অচিনাক্ত যুৱকৰ মৃতদেহ ৷ কালাইনৰ বৰইতলীত জালৰ ভিতৰত শিলত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, অঞ্চলটোত হোৱা বানৰ পৰা বিগত কেবাদিনো ধৰি অঞ্চলবাসীয়ে দুৰ্গন্ধ পাই আছিল ৷

দুৰ্গন্ধ পাই সোমবাৰে অঞ্চলবাসীয়ে নিৰ্দিষ্ট পানীখিনিত নামে আৰু এখন জালৰ ভিতৰত শিলত হাত-ভৰি বান্ধি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা মৃতদেহ ৷ ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে ৷

বাতৰি লিখাৰ পৰলৈকে যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.