ETV Bharat / snippets

বিত্তীয় সংস্থা শ্ৰদ্ধা সুৰভি নিধিৰ সঞ্চালকক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 9:12 AM IST

Updated : Jun 27, 2024, 10:31 AM IST

Shraddha Surabhi Nidhi
শ্ৰদ্ধা সুৰভি নিধিৰ সঞ্চালকক গ্ৰেপ্তাৰ (ETV Bharat Assam)

বৰপেটা, 27 জুন: গ্ৰাহকৰ জমা ধন লুট কৰি পলায়ন কৰি থকা বিত্তীয় সংস্থা শ্ৰদ্ধা সুৰভি নিধিৰৰ সঞ্চালক ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা সুৰভি লিমিটেড নিধিৰ নামত সংগ্ৰহ কৰা জমা ধন তথা মেছিউৰিটীৰ ধন গ্ৰাহক ওভোটাই দিয়া নাছিল বিত্তীয় সংস্থাটোৰ সঞ্চালকগৰাকীয়ে ৷ যাৰ বাবে জমা ধন বিচাৰি হাবাথুৰি খাবলগা হৈছিল গ্ৰাহকে ৷

ইয়াৰ পিছতে উপায়ন্তৰ গ্ৰাহকে বৰপেটা সদৰ থানাত দাখিল কৰিছিল এজাহাৰ ৷ এই ঘটনাৰ পিচৰে পৰা পলাতক হৈ থকা ঋতুপৰ্ণ পাঠকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনি বৰ্তমান বৰপেটা সদৰ থানাত চলাই আছে জেৰা ৷ অৱশ্যে এইপৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সদৰী কৰা নাই কোনো তথ্য ৷

Last Updated : Jun 27, 2024, 10:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.