ETV Bharat / snippets

তেল চুৰিৰ অভিযোগত অভিযুক্ত ৰকিবুল হুদা ফাৰাজীৰ জামিন মঞ্জুৰ

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 9:16 PM IST

Bail granted to Rakibul Huda Faraji accused of oil theft in Kaliabar
ৰকিবুল হুদা ফাৰাজীৰ জামিন মঞ্জুৰ (ETV Bharat Assam)

কলিয়াবৰ,১৬ আগষ্ট: বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফাৰাজীৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে এই জামিন । শনিবাৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা বিধায়ক পুত্ৰ ৰকিবুল হুদা ফাৰাজী । উলুৱনী আৰক্ষী থানাৰ ৮৮/২৪ নম্বৰ গোচৰত অভিযুক্ত আছিল ৰকিবুল হুদা ফাৰাজী ।

উল্লেখযোগ্য যে, যোৱা ৩ আগষ্টত কলিয়াবৰ আৰক্ষীৰ অভিযানত এক তেল চোৰ চক্ৰৰ কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছিল । এই চক্ৰৰ লগত জড়িত থকাৰ প্ৰমাণ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে ৰকিবুল হুদাক বিচাৰি নগাঁও, গুৱাহাটী, ৰূপহীকে ধৰি বিভিন্ন স্থানত অভিযান চলাইছিল । অভিযানৰ মাজতেই ৪ আগষ্ট তাৰিখে নিশা আত্মসমৰ্পণ কৰে পাছতেই গ্ৰেপ্তাৰ কৰিছিল ৰকিবুল হুদাক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.