ETV Bharat / snippets

মক্কাত পুনৰ অসমৰ হজযাত্ৰীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 10:32 AM IST

Assam Pilgrim Died In Mecca
অসমৰ আন এজন হজযাত্ৰীয়ে হেৰুৱালে প্ৰাণ (ETV BHARAT ASSAM)

শিলচৰ, ১৯ জুন: পবিত্র হজ পালন কৰিবলৈ গৈ মক্কাত অসমৰ আন এজন হজযাত্ৰীয়ে হেৰুৱালে প্ৰাণ । যোৱা দেওবাৰে মক্কাত পদপিষ্ট হৈ অসমৰ তিনিগৰাকীকৈ হজযাত্ৰীৰ মৃত্যু হোৱাৰ পিচত আন এক দুঃসংবাদে ৰাজ্য়বাসীক শোকত ম্ৰিয়মান কৰিছে । মক্কাৰ আৰাফাত ময়দানত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় কাছাৰ জিলাৰ গোছাইপুৰৰ হাজী জলাল উদ্দিন লস্কৰৰ ।

উল্লেখ্য় যে, যোৱা দেওবাৰে মক্কাত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰীৰ মৃত্যু হৈছিল । দেওবাৰে মক্কাৰ মিনাৰ চফাৰ ময়দানত ভিৰৰ মাজত পদপিষ্ট হৈ অসমৰ কাছাৰ জিলাৰ বৰখলাৰ মৌলানা ছইফ উদ্দিন বৰভূঞা, হাইলাকান্দিৰ চান্দপুৰ গাঁৱৰ ছালেহা বেগম বৰভূঞা আৰু বৰপেটা জিলাৰ জৰিনা বেগম নামৰ তিনিগৰাকী হাজীৰ মৃত্যু হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.