ETV Bharat / snippets

পত্নীক হত্যা কৰি পুতি থ’লে গাঁতত : মৃতদেহ উদ্ধাৰ ১৩ দিনৰ পিচত

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:26 PM IST

MURDER IN CHIRANG
পত্নীক হত্যা কৰি পুতি থ’লে গাঁতত (ETV Bharat Assam)

চিৰাং, 7 জুন: চিৰাঙৰ জনতা বজাৰ এলেকাত স্বামীয়ে হত্যা কৰি পুঁতি থলে পত্নীৰ মৃতদেহ ৷ ১৩ দিনৰ মূৰত মাটি খান্দি উলিয়াই অনা হ’ল মৃত পত্নীৰ অৰ্ধগলিত মৃতদেহ । মৃত মহিলাগৰাকী আমগুৰি থানাৰ অন্তৰ্গত সোণাপুৰ গাঁৱৰ বাসিন্দা গাউৰাউ নাৰ্জাৰীৰ দ্বিতীয় পত্নী হাইতী নাৰ্জাৰী (৪৫) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামী গাউৰাউ নাৰ্জাৰী (৬০) ক । জানিব পৰা মতে গাউৰাউ নাৰ্জাৰীয়ে ২৩ মে’ৰ নিশা মদ্যপান কৰি ঘৰুৱা কাজিয়াত লিপ্ত হয় আৰু লাঠিৰে মূৰত আঘাত কৰি দ্বিতীয় পত্নী তথা তিনি কন্যা আৰু এটা পুত্ৰ সন্তানৰ মাতৃ হাইতী নাৰ্জাৰীক হত্যা কৰে ৷ তাৰ পিচত ঘৰৰ পিচপিনে থকা তামোলৰ বাগানত গাঁত খান্দি পুতি থৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.