বিলাসীপাৰা, 10 আগষ্ট: ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা । চলন্ত ৰে’লৰ খুন্দাত থিতাতে নিহত এজন লোক । বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত আটানী আৰক্ষী চকীৰ বানিয়ামাৰী সষ্টম খণ্ডত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো ।
ক্ষত-বিক্ষত অৱস্থাত ৰে’ল আলিৰ সমীপত উদ্ধাৰ হয় মৃত লোকজন দেহ । লোকজনে ৰে'ল পথৰ কাষেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা মালবাহী ৰে’লে খুন্দিয়াই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । মৃত লোকজন বিলাসীপাৰা মহকুমাৰ বানিয়ামাৰী চতুৰ্থ খণ্ডৰ আব্দুৰ ৰেজ্জাক (50) বুলি জানিব পৰা গৈছে ।
ঘটনাস্থলীত ৰে'ল আৰক্ষী, অসম আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।