ETV Bharat / snippets

মনোনয়ন প্ৰত্যাহাৰ অমিয় কান্তি দাসৰ; শাম কাটিলে নেকি টিকট নোপোৱাৰ ক্ষোভ !

AMIYA KANTI DAS
ASSAM BY ELECTIONS 2024 (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 1:20 PM IST

শিলচৰ: উপ-নিৰ্বাচনৰ দিন কাষ চপাৰ লগে লগে গৰম হৈছে ধলাইৰ নিৰ্বাচনী বতাহ ৷ তাৰ মাজতেই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে এগৰাকী প্ৰাৰ্থীয়ে ৷ অমিয় কান্তি দাসে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ ৷ বিজেপিৰ পৰা টিকট লাভ নকৰাৰ ক্ষোভত নিৰ্দলীয়ভাৱে মনোনয়ন দাখিল কৰিছিল অমিয় কান্তি দাসে ৷ কিন্তু সোমবাৰে তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰে ৷

উল্লেখ্য যে, অমিয় কান্তি দাসক টিকট প্ৰত্যাহাৰৰ বাবে বিজেপিয়ে হেঁচা দিয়া বুলিও চৰ্চা চলিছে ৷ ধলাই নতুন বজাৰৰ এটা বিবাহ ভৱনত অমিয় কান্তি দাসৰ সৈতে এক বৈঠকত মিলিত হৈছিল অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ তাৰ পিচতেই তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.