ETV Bharat / snippets

ডিমা হাছাওৰ সন্তান আমষ্ট্ৰং চাংচনক কিউবাৰ ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 5:02 PM IST

ARMSTRONG CHANGSAN
আমষ্ট্ৰং চাংচনক কিউবাৰ ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি (ETV Bharat)

হাফলং, ১৮ জুন : অসম তথা ডিমা হাছাও জিলাৰ সন্তান আমষ্ট্ৰং চাংচনক কিউবাৰ ভাৰতীয় ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়া হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে আমষ্ট্ৰং চাংচনক কিউবাৰ ভাৰতীয় ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়ে ৷ উল্লেখ্য যে আমষ্ট্ৰং চাংচন হ’ল ভাৰতীয় বৈদেশিক সেৱাৰ ১৯৯৭ বেটচৰ কেডাৰ । তেওঁ জাপানত থকা ভাৰতীয় দূতাৱাসত কনছুল জেনেৰেল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ উপৰিও আমষ্ট্ৰং চাংচন ডেপুটি হাই কমিছনাৰ হিচাবে দক্ষিণ আফ্ৰিকাৰ লাগোচ আৰু ট’কিঅ’ত কৰ্মৰত আছিল । শেহতীয়াকৈ স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ যুগ্ম সচিব আৰু পাছপোৰ্ট বিষয়া হিচাবে কৰ্মৰত আছিল আমষ্ট্ৰং চাংচন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.