ETV Bharat / snippets

এইবাৰ গীত নহয় মঞ্চত দীপলিনাৰ মডেলিঙৰ যাদু

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 6:05 PM IST

Assamese actress and singer Deeplina Deka shines in Silk Sharara at Rongali Festival 2024 in Guwahati
এইবাৰ গীত নহয় মঞ্চত দীপলিনাৰ মডেলিঙৰ যাদু; কমেন্টেৰে উপচি পৰিছে ছ’চিয়েল মিডিয়া (INSTAGRAM)

নিউজ ডেস্ক, 26 জুন: অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী হৈছে দীপলিনা ডেকা ৷ ছ’চিয়েল মিডিয়াতো আছে দীপলিনাৰ লাখ লাখ অনুৰাগী ৷ যুৱ প্ৰজন্মৰ মাজতো দীপলিনা ডেকা অতি জনপ্ৰিয় ৷ দীপলিনাৰ কণ্ঠই হওক বা অভিনয়ে হওক সকলো ক্ষেত্ৰতে অনন্য ৷ ৰোমাণ্টিক গীতৰ পৰা বিহুগীতলৈ, একাধিক জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে দীপলিনা ডেকাই ৷ সামাজিক মাধ্যমতো কণ্ঠশিল্পীগৰাকীৰ আছে মিলিয়ন অনুৰাগী ৷ উল্লেখ্য যে, এইবাৰ খানাপাৰাত অনুষ্ঠিত 'ৰঙালী'ত সংগীতৰ ৰং চটিওৱাৰ লগতে ৰেম্প ৱাক কৰা দেখা গ’ল দীপলিনাক ৷ চিল্কৰ বগা আৰু সোণালী ৰঙৰ শ্বাৰাৰা আৰু গুণা কৰা চাদৰ পৰিধান কৰা দেখা গ’ল দীপলিনাক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.