শিলচৰ, 6 আগষ্ট: মেঘালয়ৰ সোণাপুৰ আৰু কুলিয়াং অঞ্চলত পুনৰ ভূমিস্খলনৰ ঘটনা । বৰাক-গুৱাহাটী সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা । এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা । যাৰ ফলত গুৱাহাটীৰ সৈতে বিছিন্ন হৈ পৰিছে বৰাকৰ যোগাযোগ ৷
নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ ফলত পুৱাই হঠাৎ পাহাৰৰ পৰা মাটি আৰু শিল পথত খহি সমগ্ৰ পথটো আৱদ্ধ কৰি পেলায় । পথচোৱা বন্ধ হৈ পৰাৰ ফলত শ শ যানবাহন আবদ্ধ হৈ পৰিছে পথত । হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত । পথচোৱা মুকলিৰ বাবে মেঘালয় প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিছে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও মেঘালয়ৰ কুলিয়াঙত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা ।