পানী কমকৈ খোৱাৰ পৰিণাম কিমান ভয়ংকৰ হ’ব পাৰে শুনক চিকিৎসকৰ মুখেৰে - Food for hot summer

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 11:04 AM IST

thumbnail
বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱা (ETV Bharat Assam)

গুৱাহাটী, 29 জুলাই : ৰাজ্যত প্রচণ্ড গ্রীষ্ম প্রবাহ ৷ গ্ৰীষ্মৰ দহনত অতীষ্ঠ ৰাজ্যবাসী । অৱশ্যে এই উৎকট গৰমতো প্ৰতিজনে লোকেই সমাপন কৰিবলগীয়া হৈছে নিজ কৰ্তব্য । এই গৰমত কৰ্তব্যৰ সমান্তৰালকৈ নিজৰ স্বাস্থ্যৰো বিশেষ যত্ন লোৱাটো যথেষ্ট প্ৰয়োজনীয় ৷ নিজকে নিৰোগী কৰি ৰাখিবলৈ এই উৎকট গৰমত আপুনি কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত জানো আহক চিকিৎসকৰ মুখেৰে ।

মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক তথা ৰাজ্যৰ এগৰাকী বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাই এই সন্দৰ্ভত কয়, "উৎকট গৰমত বিভিন্ন ৰোগ হোৱা দেখিবলৈ পোৱা যায় । উৎকট গৰমৰ বাবে হোৱা প্ৰথম বেমাৰটো হৈছে হিট ষ্ট্ৰক । হিট ষ্ট্ৰকৰ উপৰিও ডি হাইড্ৰেচন, মূৰ ঘূৰণি আদি হ'ব পাৰে । মানুহৰ শৰীৰত ছ’ডিয়াম আৰু পটেছিয়ামে ভাৰসাম্য হোৰুৱালে দেহত বিভিন্ন ৰোগে দেখা দিব পাৰে ।"

বিশিষ্ট চিকিৎসকগৰাকীয়ে লগতে কয়, "এই উৎকট গৰমত যথেষ্ট পৰিমাণে পানী খোৱা উচিত । কিয়নো গৰমত শৰীৰত পানীৰ মাত্ৰা কমে বাবে ডি হাইড্ৰেচন হোৱা পৰিলক্ষিত হয় । ডি হাইড্ৰেচনৰ ফলতে হিট ষ্ট্ৰক হয় । লগতে যিকোনো স্থানত অপৰিষ্কাৰ খাদ্য খাব নালাগে । অপৰিষ্কাৰ খাদ্য খালে পেটৰ অসুখ হয় । গৰমত নিজকে যিমান পাৰি নিৰোগী কৰি ৰাখইব লাগে আৰু অপৰিষ্কাৰ খাদ্য পৰিহাৰ কৰা উচিত । সাধাৰণ পানীৰ লগতে প্ৰাকৃতিক পানীয়, ফল-মূল আদি পৰ্যাপ্ত পৰিমাণে খাব লাগে ।"

লগতে পঢ়ক: গ্ৰীষ্মকালত হৃদযন্ত্ৰ আৰু মস্তিষ্কৰ ৰোগৰ পৰা কেনেদৰে পাব পৰিত্ৰাণ ? - SUMMER EFFECT ON HEART

গ্ৰীষ্মকালত অতিমাত্ৰা ব্যায়াম কৰে নেকি ? তেন্তে সাৱধান ! - Over Exercising

উৎকট গৰমতো মাথা ঠাণ্ডা কৰি ৰাখিব এই মালিচে; জানক উপকাৰিতা - Benefits Of Hair Massage

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.