প্ৰাণভৰি তুষাৰপাত উপভোগ কৰিলে উত্তৰাখণ্ডৰ গাঙীবাসীয়ে

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 11:20 AM IST

thumbnail

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী : এফালে হাড় কঁপোৱা ঠাণ্ডা ৷ তাৰ মাজতে যদি তুষাৰপাত হয় তেতিয়া কি কৰিব আপুনি ! প্ৰাণ ভৰি তুষাৰপাত উপভোগ কৰিবনে ! কোনো উৎসৱ-পাৰ্বণ নোহোৱাকৈ তুষাৰপাতৰ বাবে আনন্দত মতলীয়া হ’ল এখন গাঁৱৰ ৰাইজ ৷ প্ৰচণ্ড ঠাণ্ডাকো নেওচি বৰফ বৰষুণতে নাচি বাগি আনন্দত মতলীয়া হ’ল এখন গাঁঁওখনৰ লোকসকল ৷ সেই বিশেষ দৃশ্য দেখা গ’ল উত্তৰাখণ্ডৰ তেহৰি জিলাৰ গাঙী নামৰ গাঁওখনত ৷

জানিব পৰা মতে, বুধবাৰে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হৈছিল তুষাৰপাত ৷ ফলত ক্ষতিগ্ৰস্ত হৈছিল শস্য ৷ কিন্তু তাৰ মাজতে তেহৰি জিলাৰ গাঙী গাঁৱত তুষাৰপাতৰ আনন্দ ল’লে ৰাইজে ৷ শুভ্ৰতাৰ দলিচাৰে ভৰি পৰা গাঁওখনত শ শ লোকে ঘৰৰ ভিতৰৰ পৰা ওলাই আহি নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰে ৷ গাঁওখনত হঠাৎ হোৱা বৰফৰ বৰষুণৰ বাবে ঘৰ বা মন্দিৰৰ চোতালত ৰাইজে নাচিবলৈ আৰম্ভ কৰে ৷

জিলাখনৰ সুৰকান্দা, ধনল্টী মন্দিৰৰ চোতালত পৰ্যটকৰ লগতে স্থানীয় ৰাইজেও প্ৰাণ ভৰি তুষাৰপাতৰ আনন্দ লয় ৷ উল্লেখ্য যে, জিলাখনৰ বিভিন্ন প্ৰান্তত দুই-তিনি মাহ ধৰি স্বাভাৱিকতকৈ কম বৰষুণ হৈছিল ৷ বুধবাৰে হঠাৎ বৰষুণৰ লগতে তুষাৰপাত প্ৰাণভৰি উপভোগ কৰিলে ৰাইজে ৷ ইফালে আগন্তুক কেইবাদিনো উত্তৰাখণ্ডৰ পাহাৰীয়া জিলাসমূহত তুষাৰপাত হ’ব বুলি ভৱিষ্যদ্বণী কৰিছিল বতৰ বিজ্ঞানীয়ে ৷

লগতে পঢ়ক : দিল্লীৰ বিমান বন্দৰত যাত্ৰীয়ে দিলে ‘ইণ্ডিগ’ বন্ধ কৰক’ শ্ল’গান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.