বোকাজানত ৩ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ জব্দ : আটক ২ সৰবৰাহকাৰী - Anti Drug Mission

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 10:38 PM IST

thumbnail
বোকাজনত ৩ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ জব্দ (ETV Bharat Assam)

ডিফু, ১৭ জুলাই : বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাকৰাজানস্থিত বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰা হয় । আৰক্ষী সূত্ৰে পোৱা তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা এএছ-০৯-ডি-১৪৮৭ নম্বৰৰ এখন হোণ্ডাই আই-১০ গাড়ীত গোপন চেম্বাৰ সাজি ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে ।

৪০ টাকৈ প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ হোৱা ড্ৰাগছখিনি ৫৪৮.৯৩ গ্ৰাম ওজনৰ বুলি জানিব পৰা গৈছে । আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে তিনিচুকীয়াৰ অভিমন্যু মৰাণ আৰু অশোক মৰাণ । বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ উপস্থিতিত জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য ৩ কোটি ৫০ লাখ টকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৪৮ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ মহিলাক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.