বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই প্ৰাণ গ'ল একে পৰিয়ালৰ দুটি শিশুৰ - Dibrugarh tragic incident

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 5:29 PM IST

thumbnail
বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ'ল একেটা পৰিয়ালৰ দুটি শিশুৰ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 4 জুলাই : ডিব্ৰুগড়ত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে শোকাৱহ ঘটনা ৷ বানৰ মাজতে জিলাখনৰ বগীবিল ধনেখনাত দুটি শিশু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত মৃত্যু হয় পঞ্চম আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা শিশু দুটিৰ ৷ ধনেখনাৰ শক্তিমান বৰাৰ পুত্ৰ আছিল দুয়োজন ৷

জানিব পৰা মতে শিশু দুটিৰ ঘৰৰ চৌপাশে বাঢ়নী পানীয়ে আগুৰি আছে ৷ আনকি বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰৰ খুঁটা পৰ্যন্ত পানী আছে ৷ কিন্তু ইয়াৰ পিচতো অঞ্চলটোত শক্তি বিভাগে কৰ্তন কৰা নাছিল বিদ্যুৎ সংযোগ ৷ যাৰ কৰুণ পৰিণতিত দুটিকৈ শিশুৱে অকালতে প্ৰাণ হেৰুৱাব লগীয়া হয় ৷ মৃত শিশু দুটিৰ বয়স ক্ৰমে আঠ আৰু ছবছৰ ৷ ঘটনাৰ পাচতে বিদ্যুৎস্পৃষ্ট শিশু দুটিক মুমূৰ্ষু অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ অনা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ এই ঘটনাৰ ফলত বগীবিলৰ লগতে ডিব্ৰুগড়ত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ 

লগতে পঢ়ক : বোকাখাতত নাও ডুবি দুজন যুৱকৰ মৃত্যু : তিনিজনৰ কথমপি প্ৰাণৰক্ষা - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.