নলবাৰীত তৃণমূল কংগ্ৰেছৰ জিলা সভাপতিসহ সমূহীয়া পদত্যাগ - Workers of AAP Assam Resigned - WORKERS OF AAP ASSAM RESIGNED
🎬 Watch Now: Feature Video
Published : Sep 3, 2024, 7:39 PM IST
নলবাৰী, ৩ ছেপ্টেম্বৰ: অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগৰ লগে লগে দলটোত আৰম্ভ হৈছে তীব্ৰ খহনীয়া । পহিলা ছেপ্টেম্বৰত ৰিপুণ বৰাৰ লগতে দলটোৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী শীৰ্ষস্থানীয় বিষয়ববীয়াই পদত্যাগ কৰাৰ পাছত আজি সমূহীয়াভাৱে পদত্যাগ কৰে নলবাৰী জিলা তৃণমূল কংগ্ৰেছ আৰু নলবাৰী জিলা যুৱ তৃণমূল কংগ্ৰেছৰ সমূহ বিষয়ববীয়াই ।
উল্লেখ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পাছৰে পৰা ৰাজ্যজুৰি দলটোৰ কাম-কাজ একপ্ৰকাৰ স্থবিৰ হৈ পৰিছিল । ইয়াকে লৈ জিলা সমিতিসমূহ অনিশ্চয়তাত থকাৰ সময়তে ৰিপুণ বৰাৰ পদত্যাগে দলটোৰ ভিতৰচৰাত ধুমুহাৰ সৃষ্টি কৰে । ইয়াৰ পৰিপ্ৰেক্ষিততে ৰিপুণ বৰাৰ অতি ঘনিষ্ঠৰূপে পৰিচিত তৃণমূল কংগ্ৰেছৰ নলবাৰী জিলা সভাপতি জিৎমণি শৰ্মাই গ্ৰহণ কৰা পদত্যাগৰ সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে ।
জিৎমণি শৰ্মাৰ তেওঁৰ সৈতে সমূহীয়াভাৱে পদত্যাগ কৰে জিলা সমিতি, ব্লক সমিতি, মণ্ডল সমিতি আৰু বুথ সমিতিৰ বিষয়ববীয়াসকলে । তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ৰাজ্যিক সম্পাদক তথা জিলা উপ-সভাপতি গোপী বৰুৱা, জিলা সাধাৰণ সম্পাদক মতীন আলী, নলবাৰী টাউন ব্লকৰ সভাপতি মনোজ দাস, জিলা যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী । ইয়াৰ ফলত নলবাৰীত একপ্ৰকাৰ অস্তিত্বহীন হৈ পৰিল তৃণমূল কংগ্ৰেছ দল ।
লগতে পঢ়ক: তৃণমূল কংগ্ৰেছ ত্যাগ : পুনৰ কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা ৰিপুণ বৰাৰ - Ripun Bora quit TMC