ক’ত গ’ল তিনি বন্ধু : উদ্ধাৰ মনোজৰ মৃতদেহ, সন্ধান নাই কৈলাস-কুমুদৰ - Three Friends Missing

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 4:33 PM IST

Updated : Jul 19, 2024, 5:42 PM IST

thumbnail
ক’ত গ’ল তিনি বন্ধু : উদ্ধাৰ মনোজৰ মৃতদেহ, সন্ধান নাই কৈলাস-কুমুদৰ (ETV Bharat)

গোলাঘাট, 19 জুলাই : বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকা গোলাঘাট ৱাটিং গাড়ীগাঁৱৰ তিনি নাবালকৰ ভিতৰত শেহতীয়াকৈ নৈৰ বুকুৰ পৰা উদ্ধাৰ হৈছে মনোজ দীপ নামৰ কিশোৰজনৰ মৃতদেহ ৷ মনোজৰ মৃতদেহ লাভ কৰাৰ পাচতে শোকত ভাগি পৰিছে তেওঁৰ পৰিয়ালবৰ্গ ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল গোলাঘাট ৱাটিং গাড়ীগাঁৱৰ তিনি নাবালক ৷ তিনি নাবালকক বিচাৰি হাহাকাৰ কৰিছে তেওঁলোকৰ পিতৃ-মাতৃ তথা আত্মীয়ই ৷ সন্ধানহীন হোৱা তিনি নাবালক ক্ৰমে জামুগুৰি চাহ বাগিচাৰ কৈলাস কুমাৰ ভক্ত, কুমুদ জাল আৰু মনোজ দীপ ৷ তিনিও নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বুলি জানিব পৰা গৈছে ৷

বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে দিনৰ ভাগত প্ৰতিদিনাৰ দৰে তিনিও বন্ধুৱে এখন চাইকেল লৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু নিশা প্ৰায় 8/9 বজালৈকে তেওঁলোক ঘূৰি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক ৷ তাৰ পাচতে সকলোৱে তিনি নাবালকক বিচাৰ খোচাৰ আৰম্ভ কৰে ৷

কিন্তু আজি (শুকুৰবাৰ) পুৱাৰ ভাগত গোলাঘাটৰ আঠগাঁৱত দৈয়াং নদীৰ পাৰত ৰাইজে উদ্ধাৰ কৰে চাইকেলখনৰ লগতে তিনিওৰে কাপোৰ, চেন্দেল আৰু কিছু খাদ্য সামগ্ৰী ৷ তাৰ পাচতে ততাতৈয়াকৈ খবৰ দিয়া হয় জামুগুৰি আৰক্ষীক । ইয়াৰ পিচতেই আজি বিয়লি উদ্ধাৰ হয় মনোজৰ মৃতদেহ ৷

জামুগুৰি আৰক্ষীৰ লগতে SDRF ৰ এটা দলে নদীৰ বুকুত অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু বৰ্তমানেও উদ্ধাৰ হোৱা নাই আন দুই নাবালক ৷

লগতে পঢ়ক : ভনীয়েকক ৰক্ষা কৰিবলৈ গৈ সলিল সমাধি বায়েকৰ

Last Updated : Jul 19, 2024, 5:42 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.