লখিমপুৰত মহৰম: তাজিয়াত অংশগ্ৰহণ সহস্ৰাধিক লোকৰ - MUHARRAM OBSERVE IN ASSAM

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 10:58 PM IST

Updated : Jul 18, 2024, 9:16 AM IST

thumbnail
লখিমপুৰত মহৰম উদযাপন, তাজিয়াত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে (ETV Bharat Assam)

লখিমপুৰ,১৭ জুলাই: অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বুধবাৰে পৱিত্ৰ মহৰম উপলক্ষে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে লখিমপুৰ জিলাতো । লখিমপুৰত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে এই উৎসৱ পালন কৰা হয় । আৰক্ষী তথা জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা অনুসৰি শৃংখলিতভাৱে শান্তিপূৰ্ণ ৰূপত এই উৎসৱ পালন কৰা হয় । সহস্রাধিক লোকে অংশগ্রহণ কৰে তাজিয়াত ।

নগৰখনৰ কে বি ৰোড, ডি কে ৰোড, খেলমাটি আদিৰ পৰা তাজিয়া আখৰা দল ওলাই আহি নগৰৰ লখিমী চাৰিআলিত সমবেত হৈ নগৰৰ একাংশ পৰিভ্ৰমণ কৰি কেন্দ্রীয় ঈদগাহ ময়দানত সমবেত হয় । কেন্দ্রীয় ঈদগাহ ময়দানত দলসমূহে তাজিয়া প্ৰদৰ্শন কৰে । অতি আনন্দ-উল্লাসেৰে সমবেত সহস্রাধিক লোকৰ উপস্থিতিত দলসমূহে তাজিয়া প্ৰদৰ্শন কৰে । 

লগতে পঢ়ক: ধুবুৰীত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মহৰম উদযাপন - Holy Muharram

পবিত্ৰ মহৰম : জানো আহক মহৰম কিয় উদযাপন কৰা হয় - MUHARRAM 2024

Last Updated : Jul 18, 2024, 9:16 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.