সাংবাদিক মনোজ কুমাৰ গোস্বামীক আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী - ahom community
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-02-2024/640-480-20844187-thumbnail-16x9-tai-ahom-president.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 26, 2024, 3:36 PM IST
ডিব্ৰুগড়, 26 ফেব্ৰুৱাৰী : ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ এটা ফেচবুক পোষ্টে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত । আহোম জনগোষ্ঠীৰ ৰাজ শাসনক লৈ বিতৰ্কিত মন্তব্য কৰি আহোমসকলৰ ৰোষত পৰিছে সাংবাদিক মনোজ গোস্বামী ৷ আহোমসকলক নৃশংস বুলি কৰা মন্তব্যক লৈ জ্যেষ্ঠ সাংবাদিক গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে টাইপা । আহোম সকলৰ ওচৰত শীঘ্ৰে ক্ষমা খোজাৰ দাবী টাইপাৰ ।
মৰাণত সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে । জ্যেষ্ঠ সাংবাদিকগৰাকীক হালধীয়া সাংবাদিক আখ্যা টাইপাৰ । অতি শীঘ্ৰে আহোম জনগোষ্ঠীৰ ওচৰত মনোজ কুমাৰ গোস্বামীয়ে ক্ষমা নুখুজিলে বল প্ৰয়োগ কৰিও ক্ষমা খোজাব টাইপাই । লগতে কাৰ্যালয় ঘেৰাও কৰাৰো হুংকাৰ টাইপাৰ ৷
লগতে পঢ়ক : আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী