সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা জলবোমা : কৃষক মুক্তি সংগ্ৰাম সমিতি - Labour died in NHPC big dam

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:34 PM IST

thumbnail
শ্ৰমিকৰ মৃত্যুৰ সন্দৰ্ভত বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া (Source : Etv Bharat Assam)

গোলাঘাট, 28 মে’ : বাৰিষাৰ আৰম্ভণিতে এজনৰ প্ৰাণ ল’লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ৷ বিভিন্ন দল-সংগঠনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰাৰ পাচতো কেন্দ্ৰীয় চৰকাৰে সকলো কথা আওকাণ কৰি প্ৰকল্প নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে ৷

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ কৃষক নেতাগৰাকীয়ে কয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসমত চিৰদিনৰ বাবে এটা জলবোমা ৷ বহু জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ব্যাপক হাৰত চলোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত 2011 চনৰ ডিচেম্বৰ মাহত এই জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰা হৈছিল ৷ কিন্তু একাংশ অসমীয়া জাতিদ্ৰোহী নেতাই বিভিন্ন চলাহী কথাৰে পুনৰ শাসনৰ গাদীত বহাৰ পিচত ইয়াৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হয় ৷

কেৱল ৰাজনৈতিক লাভালাভৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰক বিপথে পৰিচালিত কৰি এই জলবোমা নিৰ্মাণকাৰ্য চলাই যোৱা বুলি বিদ্যুৎ শইকীয়াই প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত বিৰোধী দলৰ ভূমিকাও সন্দেহজনক বুলি ব্যক্ত কৰে শইকীয়াই ৷

উল্লেখ্য যে, মঙলবাৰে এই বান্ধৰ পৰা প্ৰায় 200 ফুট তলত পৰি মৃত্যু ঘটে পুতুল গগৈ নামৰ এজন শ্ৰমিকৰ ৷ কিন্তু ৰহস্যজনকভাৱে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ সাহস নহ’ল বুলি কৃষক নেতাগৰাকীয়ে আক্ষেপ কৰে ৷

লগতে পঢ়ক: SMSS Hold Protest Against NHPC: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.