মন্ত্ৰীৰ ব্যংগ ছবি আঁকি চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত - College Of Arts and Crafts - COLLEGE OF ARTS AND CRAFTS

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 8:45 PM IST

গুৱাহাটী,১৩ ছেপ্টেম্বৰ: অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা পৰিচালিত চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে আজি পঞ্চমটো দিনত ভৰি দিলে । মহানগৰীৰ বশিষ্ঠস্থিত মহাবিদ্যালয়খনত দীৰ্ঘদিন ধৰি শিক্ষকৰ অভাৱ, আন্তঃগাঁথনিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে দাবী জনাই আহিছে । যাৰ বাবে যোৱা পাঁচটা দিনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে । কিন্তু চৰকাৰৰ সংশ্লিষ্ট বিভাগে বিগত চাৰিটা দিনে ইয়াক গুৰুত্ব নিদিয়াত পুনৰ আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰে অনশন কাৰ্যসূচী ।  

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ ব্যংগ ছবি আঁকি আঠঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । উল্লেখ্য যে হীৰক জয়ন্তী বর্ষ গৰকা ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা পৰিচালিত অসমৰ একমাত্র এই মহাবিদ্যালয়খন সম্প্রতি ছগৰাকী শিক্ষকেৰে চলিছে । পাঁচটা বিভাগত মাত্র ছগৰাকী শিক্ষক থকাত ছাত্র-ছাত্রীসকলে শিক্ষাগ্রহণত বহু সময়ত অসুবিধাৰ সন্মুখীন হৈছে । সেয়ে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা আৰু শিক্ষার্থীসকলে শীঘ্ৰে উচ্চ শিক্ষাৰ এই অনুষ্ঠানখনত শিক্ষক নিযুক্তি দিয়াৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ দাবীত ৰাজপথৰ আন্দোলন, গীত গাই ছবি আঁকি মৌন প্ৰতিবাদ, অনশন আদিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । 

লগতে পঢ়ক: অধিকাৰ বিচাৰি দিল্লীত আমছুৰ ধৰ্ণা কাৰ্যসূচী - Aamsu dharna in Delhi

লখিমপুৰত অসম মহিলা সংঘৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ - Assam Mahila Sangha

বন্ধ হোৱাৰ দিশে বশিষ্ঠস্থিত চাৰু কাৰু কলা মহাবিদ্যালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.