ঘৃণনীয় কাণ্ড সংঘটিত কৰি ৰাইজৰ ৰোষত আমিৰ খান : প্ৰস্ৰাৱৰ বটলসহ আটক আৰক্ষীৰ - Urine mixed in juice in Delhi

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 10:43 PM IST

thumbnail
ঘৃণনীয় কাণ্ড সংঘটিত কৰি ৰাইজৰ ৰোষত আমিৰ খান (ETV Bharat ASsam)

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : শুকুৰবাৰে গণপ্ৰহাৰৰ প্ৰকোপৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল আমিৰ খান ৷ খুশী জুচ কৰ্ণাৰত ফলৰ ৰসৰ সৈতে প্ৰস্ৰাৱ মিহলি কৰাৰ অভিযোগত গ্ৰাহকে আমিৰ খানক উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ ফলৰ ৰসৰ পৰিমাণ বৃদ্ধি কৰিবলৈকে এই কাণ্ড সংঘটিত কৰি আহিছিল আমিৰে ৷

এই ঘটনা সংঘটিত হ’ল দিল্লীৰ গাজিয়াবাদত ৷ আমিৰ খান নামৰ যুৱকজনে ফলৰ ৰসৰ লগতে প্ৰস্ৰাৱ মিহলি কৰি বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ সেই কাণ্ড সংঘটিত কৰাৰ ভিডিঅ’ কোনো লোকে গোপনে সংগ্ৰহ কৰাৰ পিছত ভাইৰেল হৈ পৰিছিল ৷ ইয়াৰ পিছতে একাংশ লোকে দোকানখনত উপস্থিত হৈ আমিৰ খানক প্ৰহাৰ কৰে ৷

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আমিৰক উদ্ধাৰ কৰি আটক কৰে ৷ আমিৰৰ লগতে তেওঁৰ এগৰাকী সহযোগীকো আটক কৰা হৈছে ৷ ইফালে দোকানখনৰ পৰা আৰক্ষীয়ে প্ৰস্ৰাৱভৰ্তি এটা টেমাও উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক : ভাত খাবলৈ মাতি বন্ধুক ডিঙি ৰেপি হত্যাৰ চেষ্টা বন্ধুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.