শুকান নলা নৈৰ ভয়ংকৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ১০খন গাঁৱলৈ - Erosion in Jonai - EROSION IN JONAI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 1:41 PM IST

জোনাই, ১৫ জুলাই : ধেমাজি জিলাৰ জোনাইৰ শুকান নলাৰ তীব্ৰ খহনীয়াই নিন্দ্ৰাহৰণ কৰিছে দহখনৰো অধিক গাঁৱৰ ৰাইজৰ । ইতিমধ্য়ে এই নৈখনৰ তীব্ৰ খহনীয়াত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰৰ লগতে বাট-পথ আদি । উল্লেখ্য় যে, অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা শুকান নদীত বিগত তিনি বছৰৰ পৰা অব্যাহত আছে খহনীয়া ।

এই প্ৰৱল খহনীয়াত নৈখনৰ দুয়োকাষে বসবাস কৰা বালিজান, ৰায়াং, গাৰোবস্তি আদি গাঁৱকে ধৰি প্ৰায় দহখনৰো অধিক গাঁৱৰ পৰিয়ালে বিনিদ্ৰ ৰজনী কৰিবলগীয়া হৈছে । ইফালে, নৈখনৰ খহনীয়া প্ৰতি বছৰে বৃদ্ধি পাই অহাত অঞ্চলটোৰ ৰাইজৰ বহু হেক্টৰ খেতি মাটিৰ লগতে ঘৰ-বাৰী, ৰাস্তা ঘাট আদি হেৰুৱাবলগীয়া হোৱাত শংকিত হৈছে । সেইবাবে ৰাইজে অতি শীঘ্ৰে স্থানীয় জনপ্ৰতিনিধিৰ লগতে অসম চৰকাৰক নৈখনৰ খহনীয়া বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ১নং ৰাজাখানালৈ - Erosion in Jonai

হঠাতেই জোনাইৰ বিভিন্ন অঞ্চল কিয় পৰিদৰ্শন কৰিলে বিধায়ক ভূৱন পেগুৱে ! - MLA Bhubon Pegu

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.