thumbnail

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 3:57 PM IST

ETV Bharat / Videos

যিকোনো মুহূৰ্তত বুঢ়ীদিহিঙত বিলীন হ'ব মথাউৰি, অৰ্ধ শতাধিক গাঁৱলৈ ভাবুকি - Severe Erosion In Dibrugarh

মৰাণ, ১০ আগষ্ট: ৰাজ্য‌ চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে কোটি কোটি টকা ব্য়য় কৰাৰ বাবে অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে যদিও ডিব্ৰুগড়ত ইয়াৰ বিপৰীত ছবি এখনহে প্ৰতিফলিত হৈছে । ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ সমান্তৰালভাৱে বুঢ়ীদিহিঙৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে । বান বিভীষিকাৰ পিচত ডিব্ৰুগড়ৰ পুৰণি আৰু নতুন বলাই গাঁৱত বুঢ়ীদিহিং নদীৰ তীব্ৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে । খহনীয়াৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে আৰু মাত্ৰ প্ৰায় ২ৰ পৰা ৩ মিটাৰ খহিলেই মথাউৰিলৈ অশনি সংকেত আহি পৰিব ।

সেইবাবে শংকিত হৈ পৰিছে অঞ্চলবাসী । বুঢ়ীদিহিং নদীৰ পানীও বাঢ়ি আছে । যিকোনো মুহূৰ্ততে মূল মথাউৰি খহি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । মথাউৰিটো কিবা কাৰণত খহি পৰিলে প্ৰায় অৰ্ধ শতাধিক গাঁও প্লাৱিত হৈ পৰাৰ লগতে লেপেটকটাত থকা গেছক্ৰেকাৰ আৰু ডিব্ৰুগড় নগৰৰ প্ৰতিও ভাবুকি আহিব ।

স্থানীয় ৰাইজে জলসম্পদ বিভাগৰ লগতে খোৱাং সমষ্টিৰ বিধায়কক এই বিষয়ে অৱগত কৰিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে খহনীয়াৰ অংশত পাৰ্কুপাইনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী তুলিছে । বহু বছৰৰ পৰা উক্ত স্থানত খহনীয়া হৈ আহিছে যদিও কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থাৰ নকৰাত এতিয়া যিকোনো মুহূৰ্তত বুঢ়ীদিহিঙৰ বুকুত বিলীন হ'ব পাৰে ডিব্ৰুগড়ৰ ৰক্ষাকবচ মথাউৰিটো ।

লগতে পঢ়ক:কলঙে কাঢ়িছে নগাঁৱৰ আনন্দনগৰৰ আনন্দ - Massive Erosion

লুইতৰ ভয়ংকৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ নেদেখাজনক প্ৰাৰ্থনা - Massive Erosion

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.