বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি থাকোঁতেই শোকাৱহ দুৰ্ঘটনা; থিতাতে মৃত্যু 3 টাকৈ শিশুৰ

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:21 AM IST

Updated : Mar 18, 2024, 10:28 AM IST

thumbnail

নেশ্যনেল ডেস্ক, 18 মাৰ্চ: বিহাৰৰ খগৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । জিলাখনৰ পাছৰাহা থানা এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাটোত শিশুকে ধৰি কেবাজনো লোকৰ থিতাতে মৃত্যু ঘটে । 

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা লোকসকলে এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ বাহনখনে এখন ট্ৰেক্টৰৰ সৈতে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, থুট্টি মোহনপুৰৰ পৰা মদৈয়া বিঠালা গাঁৱলৈ উভতি অহাৰ সময়তে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিদ্যাৰতন পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃতদেহবোৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

গোগৰিৰ ডি এছ পি ৰমেশ কুমাৰে জানিবলৈ দিয়া মতে, "এই পথ দুৰ্ঘটনাত 3 শিশুসহ মুঠ 7 জন লোকৰ মৃত্যু ঘটিছে । মৃত্যু হোৱা লোকসকল বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল । পাছৰাহা থানা এলেকাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ী আৰু ট্ৰেক্টৰৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত 7 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰে 4 জন প্ৰাপ্তবয়স্ক আৰু 3 টা শিশুও আছে ।"

লগতে পঢ়ক: মৃত্যুদূতলৈ পৰ্যবসিত ভাৰতৰ ঘাইপথ

Last Updated : Mar 18, 2024, 10:28 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.