ছাগলী চোৰৰ সন্দেহত দাৰে ঘপিয়াই হত্যা‌ যুৱকক - Naharkatia Murder case

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 11:19 AM IST

thumbnail
যুৱকক দাৰে ঘপিয়াই হত্যা‌ (ETV Bharat Assam)

ডিব্ৰুগড়, ২৩‌ জুলাই : নাহৰকটীয়াত‌ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ছাগলী চোৰৰ সন্দেহত এজন যুৱকক দাৰে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে নাহৰকটীয়া চাহ বাগিচাৰ এটা দম্পতীয়ে । মৃত যুৱকজনৰ নাম অৰ্জুন বাউৰী ৷

ঘটনা অনুসৰি, নাহৰকটীয়া চাহ বাগিচাৰ নিবাসী অৰ্জুন বাউৰী নামৰ যুৱকজনে সোমবাৰে বিয়লি ভাগত ঘৰলৈ বুলি আহি আছিল ৷ তেনেতে নাহৰকটীয়া চাহ বাগিচাৰ ১৭ নং লাইনত এটা ছাগলীক ভৰিৰে গোৰ মাৰি দিয়ে ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি লাইনটোৰেই নিবাসী অনুপ গোৱালা আৰু তেওঁৰ পত্নী ইন্দু গোৱালাই ছাগলী চোৰৰ সন্দেহত অৰ্জুন বাউৰীক এখন দাৰে প্ৰহাৰ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় অৰ্জুন বাউৰী ৷

তাৰ পাচতে যুৱকজনক নাহৰকটীয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । এই ঘটনাৰ পাচতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ উপ-আৰক্ষী অধীক্ষক, নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া, জয়পুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে দুই অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে মৃত অৰ্জুন বাউৰীৰ পিতৃৰ এজাহাৰৰ ভিত্তিতে দুই অভিযুক্তক নিশাই আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : অশোক গোৱেলৰ হত্যাকাণ্ড : হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - Businessman murder in Goalpara

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.