সৰ্পবন্ধু প্ৰসন্নদ্বীপ বৰদলৈয়ে উদ্ধাৰ কৰিলে প্ৰকাণ্ড অজগৰ - Rescue Of Pythons At Golaghat

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 9:28 PM IST

thumbnail
গোলাঘাটত প্ৰকাণ্ড অজগৰ উদ্ধাৰ (ETV Bharat Assam)

গোলাঘাট,২৬ জুলাই: দীৰ্ঘদিনে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তত বিচৰণ কৰি ফুৰা বিশালকায় অজগৰডালক অৱশেষত উদ্ধাৰ । মৰঙী মৌজাৰ অন্তৰ্গত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ ২ নং কৈবৰ্ত গাৱঁৰ চেঁচামুখ অঞ্চলত উদ্ধাৰ হয় প্ৰকাণ্ড অজগৰডাল । দীৰ্ঘদিনে হাঁহ-কুকুৰা ভক্ষণ কৰি এক প্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰা অজগৰটো উদ্ধাৰ কৰে সৰ্পবন্ধু প্ৰসন্নদ্বীপ বৰদলৈয়ে ।  

অঞ্চলটোৰ এটা পৰিয়ালৰ চৌহদত অজগৰটোৱে এটা হাঁহ ভক্ষণ কৰি জিৰণি লৈ থকা অৱস্থাত পৰিয়ালৰ লোকে অজগৰটো প্ৰত্যক্ষ কৰি মৰঙীৰ সৰ্পবন্ধু প্ৰসন্নদ্বীপ বৰদলৈক খবৰ দিয়ে । উক্ত খবৰ লাভ কৰি বৰদলৈয়ে পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ অজগৰটো ধৰি বকিয়াল বন বিভাগক চমজাই দিয়ে । বন বিভাগৰ লোকে উদ্ধাৰ হোৱা অজগৰটো দেওপাহাৰ বনাঞ্চলত মুকলি কৰি দিয়ে । উল্লেখযোগ্য সৰ্পবন্ধুৰূপে খ্যাত গোলাঘাট জিলাৰ দৈগ্ৰোঙৰ বাসিন্দা প্ৰসন্নদ্বীপ বৰদলৈয়ে ইয়াৰ পুৰ্বেও বহু বিষাক্ত সাপ উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি আহিছে ।

লগতে পঢ়ক: Rescue Of Pythons At Namrup: নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত উদ্ধাৰ অজগৰ

নিষ্ঠুৰ : ডিঙিত ৰছীৰে বান্ধি বনকৰ্মীয়ে চোঁচৰাই নিলে প্ৰকাণ্ড অজগৰ - Python Rescued

কলিয়াবৰত প্ৰায় 14 কেজি ওজনৰ অজগৰ উদ্ধাৰ - Python Rescued In Kaliabor

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.