কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খানদাং বান্ধৰ প্ৰতি আহিছে ভাবুকি - Dima Hasao Floods - DIMA HASAO FLOODS
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-05-2024/640-480-21595168-thumbnail-16x9-dam-07-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 30, 2024, 9:42 PM IST
হাফলং,৩০ মে': ২৭৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা থকা কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খানদাং বান্ধৰ প্ৰতি আহিছে ভাবুকি । যোৱা ৪৮ ঘণ্টা ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণৰ ফলতে নীপকোৰ জলাশয়ৰ স্তৰ বৃদ্ধি পাইছে । জলাশয়ৰ ক্ষমতাতকৈও ৮.৬৭ মিটাৰ উচ্চতা অতিক্ৰম কৰিছে জলস্তৰে । যাৰ বাবে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ৰ প্ৰতি ভাবুকি আহিছে ।
সেয়েহে নীপকোৱে ৭ খন গেট খুলি দিছে যাৰ জৰিয়তে প্ৰতি ছেকেণ্ডত ৪২৮৪ কিউবিক মিটাৰ পানী ওলাই গৈছে । এনে পৰিস্থিতিত উমৰাংচুৰ লংকুত এ পি জি ছি এল অসম বিদ্যুৎ উৎপাদন সংস্থাৰ নিৰ্মীয়মান ১২০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ হৈ পৰিছে । পানীৰ সোঁতে প্ৰকল্পটোৰ ব্যাপক ক্ষতি সাধন কৰিছে । এনে পৰিস্থিতিত ডিয়ুং নৈৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে । বাঢ়নী পানীয়ে কেইবাখনো গাঁও প্লাৱিত কৰিছে ।