thumbnail

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 7:53 PM IST

ETV Bharat / Videos

পোহনীয়া কুকুৰৰ আক্ৰমনত মৃত্যু অৱসৰপ্ৰাপ্ত শিক্ষকৰ - Teacher died by pet dog attack

গুৱাহাটী,৮ আগষ্ট: সাৱধান হওক । আনৰ পোহনীয়া কুকুৰটোও আপোনাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে । কিয়নো তেনে এক ঘটনাই সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠত । বশিষ্ঠৰ গণেশনগৰত এটা পোহনীয়া কুকুৰৰ আক্ৰমণত মৃত্যু হৈছে এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ । মৃত শিক্ষকজনৰ নাম চন্দ্ৰ প্ৰসাদ শৰ্মা । চুবুৰীয়া হিচাপে ভাৰা কৰি থকা তৰণী দাসৰ পোহনীয়া কুকুৰটোৰ আক্ৰমণৰ পিচতে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় অৱসৰী শিক্ষকজনৰ । বৃহস্পতিবাৰে চিকিৎসালয়ত শিক্ষকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিচতে ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় বশিষ্ঠ অঞ্চলত ।  

পিচত ঘটনাক সন্দৰ্ভত বশিষ্ঠ থানাত কুকুৰৰ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । উল্লেখ্য যে চন্দ্ৰ প্ৰসাদ শৰ্মাক মঙলবাৰে আক্ৰমণ কৰাৰ পূৰ্বেও কুকুৰটোৱে তিনিবাৰ আক্ৰমণ কৰিছিল । ইফালে মঙলবাৰে মৃত চন্দ্ৰপ্ৰসাদ শৰ্মাৰ ভতিজা ছোৱালীকো আক্ৰমণ কৰিছিল কুকুৰটোৱে । এতিয়ালৈকে কুকুৰটোৱে বহু লোকক কামোৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৰ লগতে চুবুৰীৰ অন্যান্য লোকে । 

লগতে পঢ়ক: ঘৰৰ ভিতৰতে থাকক... : অসহায় মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে মহানগৰীৰ বাসিন্দাক - Guwahati Artificial Floods

গুৱাহাটীৰ কৃত্ৰিম বান নতুন কথা নহয় : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা - Guwahati Flash Flood

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.