হাৰিয়ানাৰ নিৰ্বাচনৰ পিছতেই মুখ‍্যমন্ত্ৰিত্ব হেৰুৱাব কোনে ? ক'লে ৰকিবুল হুছেইনে - MP Rakibul Hussain

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 10:52 PM IST

thumbnail
সাংসদ ৰকিবুল হুছেইন (Etv Bharat Assam)

ৰঙিয়া, ৩০ আগষ্ট: " আমাৰ বিৰুদ্ধে ৰাইজে ৰায় দি এজন জনজাতীয় লোকৰ মুখলৈ চাই বিজেপিক সমৰ্থন কৰিছিল । সেই জনজাতীয় মুখ‍্যমন্ত্ৰীজনক চল-চাতুৰিৰে আতৰাই হিমন্ত বিশ্ব শৰ্মাই নিজে মুখ‍্যমন্ত্ৰী হৈছে । সঁচাকৈ যদি তেওঁ খিলঞ্জীয়াৰ পক্ষত আছে,যদি ক্ষমতাৰ লালসাত নাই তেতিয়াহলে কি কাৰণে ছলাহী কথাৰে বিভিন্ন চল-চাতুৰিৰে সেই জনজাতীয় মানুহজনক আতৰাই দিলে ।"  সাংসদ ৰকিবুল হুছেইনে প্ৰাক্তন মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম নোলোৱাকৈ আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

আনহাতে, ৰাজ‍্যখনৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত সাংসদগৰাকীয়ে কয় ," মানুহে যে জলা-কলা খাইছে স্মাৰ্ট মিটাৰৰ কথাটো, মানুহৰো তল পৰি গ'ল আমিও পাহৰি গলো । কালি মই গৈছো কথা পাতিবলৈ । মহিলাসকলে কৈছে স্মাৰ্ট মিটাৰটো বন্ধ কৰি দিয়ক । তেওঁলোকে ভাবিছে আমি লগোৱা বুলি । এনেকুৱা অত‍্যাচাৰী শাসনৰ বহু উদাহৰণ আছে । মানুহক বিভ্ৰান্ত কৰি ৰাজত্ব কৰিব বিচাৰে । আচল কথা ধৰা পৰিলে তেওঁলোকৰ অৱস্থা খুব বেয়া হয় ।"

ৰাইজে বিজেপিক হয়তো খুব বেছি দিন নাৰখে বুলি মন্তব্য় কৰি তেওঁ কয়," হয়তো হাৰিয়ানাৰ নিৰ্বাচনৰ পিছতেই মুখ‍্যমন্ত্ৰিত্ব যাব বুলি তেওঁ গম পাইছে । আৰু সেই কাৰণে এই ধৰণৰ এক পৰিবেশৰ সৃষ্টি কৰি তেওঁ নিজেই কৈছে তেওঁ এতিয়া মানুহ হৈ থকা নাই । কিবা বলিয়া-তলিয়া তেওঁ নিজেহে কৈছে , আমিতো কোৱা নাই ।"  

লগতে পঢ়ক:উগ্ৰ তিতা-উগ্ৰ মিঠা দুয়োটাই বৰবিহ : কিয় ক'লে সাংসদ ৰকিবুল হুছেইনে ? - MP Rakibul Hussain

ছয় জনগোষ্ঠীৰ জনজাতিকৰণত প্ৰধান হেঙাৰ হিমন্ত বিশ্ব শৰ্মা: ৰকিবুল হুছেইন - Rakibul Hussain slams CM Himanta

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.