thumbnail

চলন্ত ৰে'লৰ পৰা জঁপিয়াইও ৰক্ষা নাপালে ডকাইতে - Robbery Case

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 7:48 PM IST

যোৰহাট, ১৩ জুলাই: ৰে'লত যাত্ৰা কৰোতে সাৱধান । কাৰণ চলন্ত ৰে'লত এতিয়া যাত্ৰীৰ বেশত ফুৰিছে ডকাইত । এই ডকাইতৰ জালত পৰিল বিহাৰৰ পৰা যোৰহাটলৈ আহি থকা এটা পৰিয়াল । এই পৰিয়ালটোক অনুসৰণ কৰি আহিছিল তিনি ডকাইতে । সুবিধা বুজি পৰিয়ালটোৰ পৰা ডকাইতে বেগসহ বিভিন্ন সামগ্ৰী চুৰি কৰি ৰে'লৰ পৰা জঁপিয়াই উধাও হয় । উক্ত ঘটনাটো সংঘটিত হয় ফৰকাটিং ৰে'লৱে ষ্টেচনৰ পৰা অলপ নিলগত । দুৰ্ভগীয়া পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত ৰে'লৱে আৰক্ষীয়ে অভিযান চলাই তিনি ডকাইতৰ ভিতৰত এটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে এটা বেগ, দুটা স্মাৰ্ট ফোন, নগদ ধন আৰু সোণ-ৰূপৰ আ-অলংকাৰো উদ্ধাৰ কৰে । আৰক্ষীয়ে অৱশ্য়ে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । কাৰণ পলাতক আন দুটা ডকাইতৰ ওচৰত আছে উক্ত সামগ্ৰীসমূহ । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতটোক মৰিয়নী ৰে'লৱে থানালৈ আনিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা: আত্মৰক্ষাৰ বাবে ডকাইত কেনাৰমক গুলীয়ালে আৰক্ষীয়ে - Dacoit injured in Police firing

মাছ ধৰা জালেৰে বেৰি লৈ ডকাইতে লুটি নিলে ধন-মোবাইল ফোন - Robbery Case In Cachar

দিন ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ডকাইত - Robbery In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.