thumbnail

মৰাণ জনগোষ্ঠীক বিজেপি চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগ : ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ - Moran community tribalisation

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 5:39 PM IST

ডিব্ৰুগড়, ১৮ জুলাই : মৰাণ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী হৈছে জনগোষ্ঠীটোক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা ৷  প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ ৷ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিয়েই দায়িত্ব সামৰাত বৃহস্পতিবাৰে ডিব্ৰুগড় উত্তাল হ’ল সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদত ৷

মৰাণ জনজাতিকৰণ আৰু আৰু ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে । বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত ছাত্ৰ সংগঠনটোৱে এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

কাৰ্যসূচীৰ জৰিয়তে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় । সংগঠনটোৰ অভিযোগ যে বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতিকৰণৰ নামত মৰাণ জনগোষ্ঠীটোক মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৷ অতি কম দিনৰ ভিতৰত মৰাণ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে অসম বন্ধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : জনজাতিকৰণৰ দাবীত মৰাণ জনগোষ্ঠীয় সংগঠনে কঁপালে তিনিচুকীয়াৰ আকাশ-বতাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.