চাকৰি নিয়মীয়াকৰণৰ দাবীত APDCL ৰ অস্থায়ী কৰ্মচাৰীৰ চিলাপথাৰত প্ৰতিবাদ - Allegation Against APDCL
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-03-2024/640-480-20886526-thumbnail-16x9-jonai-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 2, 2024, 2:15 PM IST
জোনাই,২ মাৰ্চ: অসম শক্তি বিতৰণ নিগম লিমিটেড চমুকৈ এপিডিচিএলৰ চিলাপথাৰ সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত ৫,৪২২ জন অস্থায়ী কৰ্মচাৰীৰ ভবিষ্যতক লৈ চৰকাৰে চৰম অন্যায় কৰাৰ অভিযোগ উত্থাপন হৈছে । শনিবাৰে কাৰ্যালয়ত বহু সংখ্যক অস্থায়ী কৰ্মচাৰী উপস্থিত থাকি বিষয়টোক লৈ গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি বছৰ বছৰ ধৰি বিনা বেতনে কৰ্তব্য পালন কৰি এপিডিচিএলক জীয়াই ৰখা অস্থায়ী শ্ৰমিকসকলৰ জীৱনক লৈ চৰকাৰখনে চৰম হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে অস্থায়ী কৰ্মচাৰীসকলে ।
কোম্পানীটোত সুদীৰ্ঘ দিন খাটি থকা ৫,৪২২ শ্ৰমিকৰ ভিতৰত মাত্ৰ ৬০ শতাংশৰ নাম প্ৰেৰণ কৰি বাকীসকলৰ নাম বাদ পেলাই চৰম পক্ষপাতমূলক স্থিতি প্ৰদৰ্শন কৰিছে বিভাগে । চৰকাৰে অস্থায়ী শ্ৰমিকসকলৰ জীৱন তিমিৰাচ্ছন্ন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনাই তিনিবাৰকৈ ভেৰিফিকেশ্যন কৰাৰ পিছতো প্ৰশিক্ষিত আৰু অভিজ্ঞ শ্ৰমিকসকলৰ নাম বাদ পেলোৱাৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপন কৰে অস্থায়ী কৰ্মচাৰীসকলে । শীঘ্ৰেই সুদীৰ্ঘ বছৰ ধৰি বিনা বেতনে কৰ্মৰত সকলোকে অন্তৰ্ভুক্ত নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে এপিডিচিএলক অচল কৰি দিয়াৰ সকীয়নি প্ৰদান কৰে বঞ্চিত শ্ৰমিকসকলে ।
লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্যক দপ্তৰ বিতৰণ