দীপাংকৰ গগৈৰ মৃত্যুৰ আঁৰৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী : উত্তাল তিতাবৰৰ আৰক্ষী থানা - ULFA I GRENADE ATTACK

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:40 PM IST

thumbnail
দীপাংকৰ গগৈৰ মৃত্যুৰ আঁৰৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী (ETV Bharat Assam)

তিতাবৰ,২৭ জুন: SP মোহন লাল মিনা , তিতাবৰৰ SDPO কাকলি পাটগিৰি আৰু তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ । যোৰহাটৰ সেনা ছাউনিত গ্ৰেণেড বিস্ফোৰণত জড়িত থকা সন্দেহত সেই সময়ৰ SP মোহনলাল মিনাৰ নেতৃত্বত তিতাবৰৰ SDPO আৰু আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসে দীপাংকৰ গগৈক কেইবাদিনো বৰ্বৰভাৱে শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছিল ।  যাৰ ফলত দীপাংকৰ গগৈয়ে আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি চৰম পন্থা বাছি লৈছিল । 

NIA ই দাখিল কৰা চার্জশ্বিটত এই তথ্য প্ৰকাশ পোৱাৰ পাচতে জাঙুৰ খাই উঠিছে দীপাংকৰৰ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠন । অতি শীঘ্ৰে SP মোহন লাল মিনা, SDPO কাকলি পাটগিৰি, আৰক্ষী বিষয়া লক্ষ্মণ দাসক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি নিদিয়ালৈকে এই প্ৰতিবাদ চলি থকাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.